ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পিতা পুত্ৰৰ

February 12, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল দুই পিতা-পুত্ৰৰ।

শিৱসাগৰ জিলাৰ নামতি তিঙিপাম ধোদৰ আলিত সংঘটি হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এএছ ০৪ভি ৩০৬৬ নম্বৰৰ এখন গ্ৰেন আই১০ বাহনেৰে নাজিৰাৰ পৰা যোৰহাটলৈ এখন বিয়া খাবলৈ যাত্ৰা কৰিছিল দুই পিতা-পুত্ৰই।

তেনে সময়তে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই আই১০ বাহনখন পথৰ পৰা পথাৰত বাগৰি পৰে।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে দুই পিতা-পুত্ৰৰ।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

স্থানীয় লােকৰ সহযােগত আৰক্ষীয়ে আহত দুই পিতা-পুত্ৰক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লিগিৰিপুখুৰী মেডিকেললৈ প্ৰেৰণ কৰে।