ভয়ংকৰ পথ দুৰ্ঘটনাত ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু, আহত দুজন

January 27, 2022 0 By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাটোত এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ মৃত্যু। লগতে গুৰুতৰবাবে আহত হয় দুজন ব্যক্তি।

জানিব পৰা মতে, মৈৰাবাৰীৰ পৰা লাহৰিঘাট যোৱা পথত এখন AS21-9756 নম্বৰৰ টাটা মেজিক আৰু এখন AS21-C8213 নম্বৰৰ অ’টৰ মুখামুখি সংঘৰ্ষ হোৱাত দুৰ্ঘটনাটো সংগঠিত হয়।

মৃত্যু হোৱা ব্যক্তি জন তাঁতীকটা গাঁৱৰ আলি হুছেইন বুলি জানিব পৰা গৈছে।

মৃত আলি হুছেইনৰ মৃতদেহ মৈৰাবাৰী হস্পিতালৰ পৰা মৰিগাঁওলৈ মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৈৰাবাৰী আৰক্ষীয়ে।

লগতে চাওকঃ

ঘৰৰ ল’ৰা উভতিল ঘৰলৈ! চীনা সেনাই মুকলি কৰি দিলে মিৰামক…