ভয়ংকৰ পথ দুৰ্ঘটনা, দলঙৰ ৰেলিং ভাঙি তলত পৰিল মালভৰ্তি ট্ৰাক…

March 12, 2022 0 By Biraj Kalita

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দলঙৰ ৰেলিং ভাঙি তলত পৰিল মালভৰ্তি ট্ৰাক।

জোনাইৰ লক্ষীপুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

জানিব পৰামতে এখন মালভৰ্তি ট্ৰাক পশ্চিম দিশৰ পৰা পাচিঘাট অভমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

ধেমাজি জিলাৰ জোনাই লক্ষীপুৰ দলঙত পুৱতি নিশা প্ৰায় ৩মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দলঙৰ ৰেলিং ভাঙি তলত বাগৰি পৰে।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কথমপি ট্ৰাকচালকজনৰ প্ৰাণ ৰক্ষা পৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থইত হৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উদ্ধাৰ কৰে।