ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক দুৰ্ঘটনাত কৰুণ মৃত্যু পিতৃহাৰা যুৱকৰ

March 21, 2022 0 By Biraj Kalita

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে সিদ্ধাৰ্থ গগৈ নামৰ এজন যুৱকে।

ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ তামুলীখাত গেছ এজেঞ্চিৰ সমীপত সংঘটিত হৈছে এই ভয়াৱহ পথ দূৰ্ঘটনাটো।

উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থনাৰ অধীনস্থ তামুলীখাতৰ প্ৰয়াত পংকজ গগৈৰ পুত্ৰ সিদ্ধাৰ্থ গগৈ নামৰ যুৱকজনে নিজৰ ইয়ামাহা বাইকেৰে লাহোৱালৰ পৰা টেঙাখাতলৈ ঘূৰি আহি থকা অৱস্থাত সন্মুখৰ পৰা অহা এএছ০৬বিচি২৪১৪ নম্বৰৰ টাটা ইণ্ডিগ’ বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

ফলত যুৱকজন বাইকসহ বহু দূৰৈত চিটিকি পৰাত গুৰুতৰভাৱে আহত হয়।

পিছত সংকটজনক অৱস্থাত যুৱকজনক টেঙাখাতৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বাহনসহ চালকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

ইফালে যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।