ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত ঘৰ-ব্যৱসায়িক প্ৰতিষ্ঠান
July 30, 2021নিউজ ডেস্ক। তিনিচুকীয়াৰ ন-পুখুৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডটোত দুখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান জাহ যোৱাৰ লগতে এটা আৱাসগৃহ ভস্মীভূত হয়।
বৃহস্পতিবাৰে নিশাৰ ভাগত প্ৰায় ১১ বজাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
উক্ত অগ্নিকাণ্ডটোত দুখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে এটা আৱাসগৃহ জুইত ভস্মীভূত হয়।
যতীনলাল মিশ্ৰলালৰ দোকান আৰু এখন হাৰ্ডৱেৰৰ দোকানৰ লগতে এটা আৱাসগৃহ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও স্থানীলোকৰ অভিযোগ অনুসৰি অগ্নিনিৰ্বাপক বাহিনীৰ পানী যথেষ্ট পৰিমাণে কম হোৱা হেতুকে জুই নুমুৱাবলৈ পলম হয়।
সেয়েহে জুয়ে বিধ্বংসী ৰূপ লয় বুলি জানিবলৈ দিয়ে।
পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে ঘণ্টাযোৰা প্ৰচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও কিমান টকাৰ সা-সম্পত্তি ক্ষতি হৈছে সেই সম্পৰ্কে জানিবলৈ পোৱা হোৱা নাই।