ভয়াৱহ দুৰ্ঘটনা! যাত্ৰীবাহী বাছৰ সৈতে বাইকৰ সংঘৰ্ষ, নিহত ১

November 18, 2021 0 By NEWS DESK

বঙাইগাঁও অভয়াপুৰীৰ উত্তৰ শালমাৰাত নিশা ভয়ংকৰ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছে মহটিয়ালে বাইক আৰোহীক।

দুৰ্ঘটনাৰ পিছতে দপদপাই জ্বলি উঠে বাইকখন।

থিতাতে নিহত হয় এএছ ১৯জে ৮৩৯৯ নম্বৰৰ বাইক আৰোহী ধনজিৎ দাস নামৰ এজন লোক।

দুৰ্ঘটনাস্থলীৰ পৰা বাইকসহ চালকক প্ৰায় ৫০০ মিটাৰ চোঁচৰাই নিয়ে যাত্ৰীবাহী এএছ-১৭ বি-৬৭৪১ নম্বৰৰ বাছখনে। যাৰ ফলত জ্বলি উঠে বাইকখন।

নিহত বাইক চালকজনৰ ঘৰ বৰঘোলাৰ পাখিৰীগুৰিত বুলি জানিব পৰা গৈছে।

ধুবুৰী অভিমুখে গৈ আছিল বাছখন। যাত্ৰীবাহী বাছখনে সন্মুখৰ পৰা খুন্দিয়াইছিল বাইকখনক।