ভয়াৱহ নাওঁ দুৰ্ঘটনা! নৈ পাৰ হ’ব লওতেই ডুবিল যাত্ৰীবাহী নাওঁ…
June 1, 2021ভয়াৱহ নাওঁ দুৰ্ঘটনা!
গোৱালপাৰা জিলাৰ ধূপধৰাৰ পদুপাৰাত সংঘটিত হয় এই দুৰ্ঘটনা।
বাঢ়নী পানীৰে উপচি পৰা নৈ পাৰ হ’বলৈ লওতেই মাজ নদীত ডুবিল যাত্ৰীবাহী নাওঁ।
নাওঁখনত আছিল কেইবাগৰাকীও মহিলা যাত্ৰী।
কথমপি প্ৰাণ ৰক্ষা নাওঁ খনত থকা মহিলা তথা পুৰুষ যাত্ৰীসকল।
ধাৰাষাৰ বৰষুণৰ ফলত পদুপাৰাত দেওশিলা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে উক্ত স্থানত থকা ফুট ব্ৰীজ।
পকী দলং নিৰ্মাণ হৈ থকা বাবে অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছিল ফুট ব্ৰীজ।
কিন্তু ফুট ব্ৰীজখন উটুৱাই নিয়াৰ ফলত পদুপাৰা, ধানবাৰী, গৰুছটকা অঞ্চলৰ ৰাইজে বিপদসংকুল নাওঁ যাত্ৰ কৰি আহিছে।
লগতে চাওকঃ