ভয়াৱহ! মাজনিশা পাঁচটাকৈ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ ৰাজ্য

April 29, 2021 0 By Biraj Kalita

বুধবাৰে ৰাতিপুৱাই এক প্ৰবল ভূমিকম্পই জোকাৰিলে সমগ্ৰ ৰাজ্য।

ৰাতিপুৱাৰ পৰা ধাৰাবাহিকভাৱে আহি থকা ভূমিকম্পই শংকিত কৰি তুলিছে অঞ্চলটোৰ জনসাধাৰণক।

বুধবাৰে পুৱা ৭.৫১ মিনিটত অহা ৬.৪ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পিছৰে পৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হৈ আছে এটাৰ পিছত আন এটা জোকাৰণি।

মাজনিশাও প্ৰায় ১.২০.৪৩ ছেকেণ্ডত অন্য এটা ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসম।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৬ মেগনিটিউড। এই ভূমিকম্পটোৰো অভিকেন্দ্ৰ আছিল শোণিতপুৰ।

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ পৰা ৩৬ কিলোমিটাৰৰ দূৰত্বত ঢেকীয়াজুলিৰ পৰা ৪ কিলোমিটাৰ নিলগত।

ভূমিকম্পটোৱে চুবুৰীয়া দেশ ভূটান, বাংলাদেশ আৰু চীনৰ একাংশ অঞ্চলকো জোঁকাৰি যায়।

আনহাতে ১১ বাজি ৩৮ মিনিটত প্ৰথমটো জোকাৰণি হয়, যাৰ প্ৰাৱল্য আছিল ২.৮।

১২ বাজি ২৪ মিনিটত দ্বিতীয়টো জোকাৰণি হয়, যাৰ প্ৰাৱল্য আছিল ২.৬।

১ বাজি ২০ মিনিটত তৃতীয়টো জোকাৰণি হয়, যাৰ প্ৰাবল্য আছিল ৪.৬।

১ বাজি ৪১ মিনিটত চতুৰ্থটো জোকাৰণি হয়, যাৰ প্ৰাৱল্য আছিল ২.৩।

১ বাজি ৫২ মিনিটত পঞ্চমটো জোকাৰণি হয়, যাৰ প্ৰাৱল্য আছিল ২.৮।

আটাইকেইটা ভূমিকম্পৰে অভিকেন্দ্ৰ আছিল শোণিতপুৰ।