ভয়াৱহ সংক্ৰমণ! বৃহস্পতিবাৰে ৰাজ্যত ৪৯৯ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত

April 16, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে

প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত ৪৯৯ গৰাকী লোক।

ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২২৩৬৭জনলৈ পাইছে বৃদ্ধি।

বৃহস্পতিবাৰে ৰাজ্যত সুস্থ হয় ৮৫জন লোক আনহাতে মৃত্যু হয় এজন লোকৰ।

অসমত এই পৰ্যন্ত কৰ’ণাৰ ফলত ১,১২৩ গৰাকীয়ে মৃত্যুবৰণ কৰাৰ বিপৰীতে ২,১৬,২৮৪ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।  

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২৫৫ গৰাকী, ডিব্ৰুগড়ত ৬৪ গৰাকী, কামৰূপ গ্ৰাম্যত ৩১ গৰাকী আৰু তিনিচুকীয়াত ২৪ গৰাকী লোক আক্ৰান্ত হয়।

উল্লেখ্য যে, বৰ্তমানলৈ অসমত মুঠ ৭৭,৩১,৮৭১ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছে।