ভয়াৱহ! ৰাজ্যত মাত্ৰ এটা দিনতে কৰ’ণাই প্ৰাণ ল’লে ২৬ গৰাকী লোকৰ…

April 30, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

ৰাজ্যত উদ্বেগজনকভাৱে এটা দিনতে কৰ’ণাই প্ৰাণ ল’লে ২৬ গৰাকী লোকৰ।

৯ এপ্ৰিলৰ দিনটোতে ৰাজ্যত প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী লোকে।

ইয়াৰ পূৰ্বৰ দিনটোত মৃত্যু হৈছিল ২২ গৰাকী লোকৰ। তাৰ আগৰ দিনটোত মৃতকৰ সংখ্যা আছিল ১৮।

আনহাতে এটা দিনতে ৩০৭৯জনৰ দেহত ধৰা পৰে কভিড পজিটিভ।

কেৱল কামৰূপ মেট্ৰ’তেই ১০২৯জন লোক কৰ’ণাত আক্ৰান্ত হোৱা ধৰা পৰে।

লগতে চাওকঃ

যুৱ ক’ভিড ৰােগীৰ বাবে হাস্পতালৰ বিছনা ত্যাগ কৰিলে বৃদ্ধই, ৩ দিন পাছত ঘৰতে মৃত্যু