মইনুল হকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত জানিউৰ ৰহমানক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোৰ দামপুৰত সংঘটিত হোৱা মইনুল হক হত্যাকাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী জানিউৰ ৰহমান আটক হাজো আৰক্ষীৰ।

উল্লেখ্য যে যোৱা ২৪ অক্টোবৰ তাৰিখে নিশাৰ ভাগত এটা সাধাৰণ কথাক কেন্দ্ৰ কৰি মইনুল হক আৰু জানিউৰ ৰহমানৰ নামৰ যুৱকজনৰ মাজত হতাহতি হৈছিল।

উক্ত হতাহতিতে জানিউৰ ৰহমানে আঘাত কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনুল হক।

ঘটনাৰ পিছতে ৰক্তাক্ত অৱস্থাত মইনুল হকক একাংশ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ সংকটজনক অৱস্থাত জিএনআৰচি হস্পিতালত ভৰ্তি কৰায়।

বিগত দুটা দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত মংগলবাৰে নিশা মৃত্যুক সাবটি লৈছিল মইনুল হকে।

এই ঘটনা সংঘটিত কৰি জানিউৰ ৰহমানে ঘৰৰ পৰা পলায়ন কৰিছিল।

পলাতক জানিউৰ ৰহমানক অৱশেষত হাজো আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত আজ্ঞাঠুৰীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।