মই পঢ়িব নােৱাৰাে… চিঠি লিখি থৈ ক’লৈ গ’ল শৰৎ জ্যােতি?

November 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোলাঘাট জিলাৰ আঠখেলীয়া উৰণ পখী ভৱনৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ তথা যোৰহাট জিলাৰ ২নং বচাগাঁৱৰ নিবাসী মানিক বৰাৰ পুত্ৰ শৰৎ জ্যোতি বৰা বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ঘৰৰ পৰা ওলায় গৈ সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে উল্লেখ কৰা মতে পুত্ৰ শৰৎ জ্যোতিয়ে ঘৰত এখন চিঠি লিখি গৈছে।

চিঠিখন উল্লেখ কৰা মতে মই পঢ়িব নোৱাৰো মোৰ কাৰণে চিন্তা নকৰিবা। এনেদৰে চিঠিখনত লিখি থৈ গৈছিল শৰৎজ্যোতি বৰাই।

আনহাতে, পৰিয়ালৰ লোকে বিচাৰি কোনো শুংসূত্ৰ নোপোৱাত বৰহোলা আৰক্ষী থানাত শৰৎ জ্যোতিৰ পিতৃ মানিক বৰাই অৱগত কৰাৰ লগতে লিখিত আবেদন জনায়।

কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে ৯৪৩৫৭-৮৮৯১৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

ছাত্ৰজনৰ সন্ধানহীনক কেন্দ্ৰ কৰি সমগ্ৰ আঠখেলীয়া অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ ধাৰাসাৰ বৰষুণৰ মাজতে অচেতন লোকক কান্ধত কঢ়িয়াই প্ৰশংসিত মহিলা আৰক্ষী