মই মাদ্ৰাছা খুলিবলৈ নিদিও, এয়া স্পষ্ট কথাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

May 24, 2021 0 By Biraj Kalita

ক’ভিড প্রট’কলেৰে আৰম্ভ হোৱা বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন।

আজি নিৰ্বাচিত হৈ অহা প্ৰতিগৰাকী বিধায়কক অভিনন্দন আৰু আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে।

ভাষণত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- ‘জনসাধাৰণৰ আশা-আকাংশা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব।’

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক স্মৰণ কৰি তেওঁলোকৰ আদৰ্শৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ।

কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেজৰ ফাকু বৈছিল আমাৰ হৃদয়ত গভীৰ বেদনা হৈছিল৷ যোৱা 5 বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছো।-মুখ্যমন্ত্ৰীৰ মন্তব্য।

লগতে তেওঁ কয়- ‘মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ। আৰু বিৰোধীকো কম আপোনালোকে ভৰিৰ তলৰ মাটি এৰি নিদিব ৷ কিছুমান বিষয়ত আমাৰ মত নিমিলে। কিন্তু যিবোৰত মত মিলে সেয়া কাম আমি সহযোগিতাৰ মাজেৰে সমাধান কৰিম। মই মাদ্ৰাছা খুলিবলৈ নিদিও৷ এয়া স্পষ্ট কথা।’

ইফালে গো হত্য়া ৰোধ সন্দৰ্ভত কয়- ‘গো আমাৰ মাতৃ ৷ ভাৰতীয় সংবিধানৰ অধীনত গো হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ অব্যাহত থাকিব৷ কিছুমান ঠাইত গো মাংস বিক্ৰী নকৰিলেও হয়। ই একেবাৰে স্পৰ্শকাতৰ বিষয়।’

এক লাখ ল’ৰাক গণি গণি চাকৰি দিম৷ সেই সভাত বিৰোধী দলপতিকো বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিম৷
মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিম বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মা।

লগতে চাওকঃ

আইন ভংগ কৰি ভৰিলে জৰিমনা, অনুতপ্ত হৈ এইটাে কাম কৰিলে এগৰাকী মন্ত্ৰীয়ে…

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু