মঙলবাৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, হোষ্টেল…

April 26, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

আজিৰ দিনটোত কেৱল কামৰূপ মেট্ৰ’ত কৰ’ণাত আক্ৰান্ত হৈছে ১১৫৩ গৰাকী লোক।

ইফালে সোমবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰ লগতে কামৰূপ মেট্ৰ’ত সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, হো,ষ্টেল বন্ধৰ পৰামৰ্শ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই।

১৫ দিনৰ বাবে বন্ধৰ নিৰ্দেশ শিক্ষানুষ্ঠান, হোষ্টেল।

ডা০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া টুইট কৰি কয় যে যিহেতু কমৰূপ মহানগৰত কোভিড আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে এনে পৰিপ্ৰেক্ষিতত মহানগৰৰ সমূহ বিদ্যালয়,শিক্ষানুষ্ঠান, হোষ্টেল আদিক সাময়িক ভাবে ১৫ দিনলৈ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহনৰ বাবে জিলা উপায়ুক্তক পৰামৰ্শ দিয়া হৈছে।