মঙ্গলবাৰে GMCHত ২০০খন বিচনাৰ অত্যাধুনিক ICU ব্লক মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে…
July 6, 2021গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নতুন সংযোজন।
মঙলবাৰে GMCHত ২০০খন বিচনাৰ অত্যাধুনিক আইচিইউ ব্লক মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে এই নৱনিৰ্মিত আইচিইউ ব্লক উদ্ধোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰিব।
এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে অংগ্ৰহণ কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো।
GMCHৰ পূৰ্বৰ পাৰ্কিং এলেকাত ২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা দুমহলীয়া ICU ব্লকটোৰ প্ৰতিখন বিচনাৰ সৈতে ভেণ্টিলেটৰ, মণিটৰকে ধৰি প্ৰয়োজনীয় সকলো অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।
লগতে পুৰুষ আৰু মহিলা চিকিৎসক-স্বাস্থ্য কৰ্মীসকলৰ বাবে পৃথক ‘ড’নিং এণ্ড ড’ফিং’ এলেকা থকাৰ লগতে নিশাৰ দায়িত্বত থাকিব লগা চিকিৎসক-চিকিৎসাকৰ্মীৰ বাবে জিৰণী কক্ষৰো ব্যৱস্থা ৰখা হৈছে।
তদুপৰি, এই আইচিইউ চিকিৎসালয়খনৰ স’তে এটা ৮০ হেজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেন মজুত ৰাখিব পৰাকৈ এটা বৃহৎ অক্সিজেন টেংকিও স্থাপন কৰা হৈছে। ই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ অক্সিজেন টেংকি।