মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ হৰিকান্ত দুৱৰাৰ ক’ভিড-১৯ত মৃত্যু

August 20, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা।

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সম্পাদক হৰিকান্ত দুৱৰা (৩৭) ক’ভিড-১৯ত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃ্ত্যু ঘটে।

জানিব পৰা মতে, ডিব্ৰুগড়ৰ ৰহমৰীয়া মৌজাৰ চেংধৰা গাঁৱৰ ভৱেন দুৱৰা আৰু দিপন্তী দুৱৰাৰ পুত্ৰ হৰিকান্ত দুৱৰাই ডিব্ৰুগড়ৰ নন্দলাল বুঁঢ়াগোহাঁই মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

ইয়াৰ পাছতে ২০০৮ বৰ্ষৰ পৰা স্থানীয় ফুকনৰখাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল।

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনত ২০০৪ চনত যোগদান কৰিছিল।

হৰিকান্ত দুৱৰা সংগঠনটোৰ ৰহমৰীয়া আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

পিছলৈ তেওঁ মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ নিষ্ঠাৰে সংগঠনটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

তেওঁ ৰহমৰীয়া বান-গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ, ফুকনৰখাত চেংধৰা প্ৰগতি যুৱ সংঘ, চেংধৰা মধুজ্যোতি যুৱক সংঘ, ৰহমৰীয়া ক্ৰীড়া সন্থা, চেংধৰা গাঁওৰক্ষী বাহিনীকে ধৰি বিভিন্ন দল-সংগঠনৰ সৈতে জড়িত আছিল।

তেওঁৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে বিভিন্ন সামজিক সংগঠনসমূহ।