মদনপুৰ টোলগে’টত উত্তপ্ত পৰিস্থিতি, অচিনাকী যুৱকে ভাঙি লণ্ড-ভণ্ড কৰি জ্বলাই দিলে টোলগেটখন!

December 25, 2020 0 By NEWS DESK

বাইহাটা চাৰিআলিত মদনপুৰ টোলগে’টত উত্তপ্ত পৰিস্থিতি।

অচিনাকী যুৱকে ভাঙি লণ্ড-ভণ্ড কৰি জ্বলাই দিলে মদনপুৰ টোলগেটখন।

শুকুৰবাৰে পুৱাই প্ৰায় ৫০ জনীয়া এটা অচিনাকী যুৱকৰ দলে পুৱাই টোলগেটখনত অগ্নিসংযোগ কৰাৰ লগতে টোলগেটখনৰ সামগ্ৰীসমূহ ভাঙি লণ্ড-ভণ্ড কৰে।

বহিৰাজ্যৰ লেছীয়ে দায়িত্বগ্ৰহণ কৰাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হয়।

পূৰ্বতে স্থানীয় যুৱক-যুৱতীয়ে নিয়োগ লাভ কৰিছিল টোলগেটসমূহত। এতিয়া বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৱে এই দায়িত্ব গ্ৰহণৰ পাছতেই জাঙুৰ খাই উঠিছিল স্থানীয় লোক।

মুম্বাইৰ ঈগল ইনফ নামৰ এটা প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিছিল টোলগেটৰ।