ম’বাইলৰ লগতে ইণ্টাৰনেট সেৱা বিনামূলীয়াকৈ পাব ছাত্র-ছাত্রীয়েঃ হিমন্ত বিশ্ব শৰ্মা…

July 20, 2021 0 By Biraj Kalita

অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জনাই বিত্তমন্ত্ৰী অজন্তা নেওগক।

তাৰপাছত বাজেট বিতৰ্কত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘ম’বাইলৰ লগতে ইণ্টাৰনেট সেৱা বিনামূলীয়াকৈ পাব ছাত্র-ছাত্রীয়ে।’

‘মেট্রিক উত্তীৰ্ণৰ পিছত ঘূৰাই লোৱা হ’ব ৯ম-দশম শ্রেণীৰ শিক্ষাৰ্থীৰ ম’বাইল।’

‘আমি মুঠ ২ লাখ চাকৰি দিম। প্রথম ২ বছৰত ১ লাখ চাকৰি দিয়া হ’ব। পৰৱৰ্তী ৩ বছৰত দিয়া হ’ব ১ লাখ চাকৰি।’

‘২০২১-২২ত ১২খন নতুন আঁচনি সংলগ্ন কৰা হৈছে।’

‘চাহ বাগিচাত ধন পুৰস্কাৰ মেলা ৰূপায়ণ কৰা হৈছে’

‘১৮ টা প্রতিশ্রুতিৰ ১৮টাই ৰূপায়ণ কৰা হৈছে’

‘স্ব-নিৰ্ভৰশীল নহ’লে মূল্যবৃদ্ধি নিয়ন্ত্রণ অসম্ভৱ’

‘ডিব্রুগড়ৰ পৰা মাজুলীলৈ মথাউৰিৰে যাব পাৰিব কিন্তু এক্সপ্ৰেছ হাইৱে’ (EXPRESS HIGHWAY) নহয়’

‘জনবিস্ফোৰণৰ বাবে পিছ পৰি আছে অসম। জনবিস্ফোৰণৰ বাবে অসম দৰিদ্র ৰাজ্য’

‘বিগত ৫ বছৰত ৫ খন চিকিৎসা মহাবিদ্যালয় কৰিলো আৰু ৫ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা।’

সংকল্প পত্র বিৰোধীক নপঢ়িবলৈ আহ্বান মুখ্যমন্ত্রীৰ।

‘৪৫.৪৮ কোটি টকা ছাত্র-ছাত্রীৰ ইউনিফৰ্মৰ বাবে মুকলি’

‘কংগ্রেছৰ দিনত বাজেটৰ ৯০% কাম হোৱা নাছিল। এতিয়া বাজেটত থকা সকলো কামে সম্পূৰ্ণ হয়’

‘এখন ৰাজ্যই কিমান টকা ঋণ ল’ব, সেই সিদ্ধান্ত কেন্দ্রই ল’ব।’

‘৩.৫০ লাখ কোটি টকাৰ সম্পদৰ বিপৰীতে ১৮ হাজাৰ কোটি টকাৰ লোণ’

‘অসমে মুঠ ঘৰুৱা উৎপাদনৰ ২৮.৫% লোণ ল’ব পাৰে’

‘ৰাজ্যই মুঠ ঘৰুৱা উৎপাদনৰ লোণ লৈছে ২২%’

‘২০১৭ত GST সংগ্রহ হৈছিল ৫ হাজাৰ কোটি। ২০১৯-২০ত ১০৩৯ হাজাৰ কোটি GST টেক্স সংগ্রহ।’

‘অৰুণোদয় আঁচনিৰ ধন পৰ্যায়ক্রমে বৃদ্ধি পাব ৩হাজাৰ টকালৈ’