মহাজোঁটৰ প্রতি মোহভংগ BPFৰঃ আনুষ্ঠানিকভাৱে মিত্ৰতা ছেদ…

June 29, 2021 0 By Biraj Kalita

চাৰিটা মাহৰ ভিতৰতে মহাজোঁটৰ প্রতি মোহভংগ হ’ল BPFৰ।

মহাজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম নোহোৱাৰ পিছত মহাজোঁটৰ সংগ ত্যাগ কৰিলে বি পি এফ দলে৷

বি পি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্র প্রবীণ বড়োৱে আনুষ্ঠানিকভাৱে এই কথা প্রকাশ কৰিছে।

সংবাদ মাধ্যমৰ আগত বড়োৱে কয় যে মহাজোঁট নির্বাচনকেন্দ্রিক আছিল৷ চৰকাৰ নহ’ল যেতিয়া মহাজোঁটৰ সৈতে এতিয়া বি পি এফৰ সম্পর্ক নাই৷

যিটো বুজাবুজিৰে মহাজোঁট গঠন কৰা হৈছিল, সেই মতে মহাজোঁটক আগুৱাই নিব নোৱাৰিলে৷ তাৰ বাবে বিধানসভা নির্বাচনত বি পি এফৰ অধিক ক্ষতি হ’ল৷ এককভাৱে যুঁজা হ’লেই বি পি এফৰ ফলাফল বেছি ভাল হ’লহেঁতেন বুলি মন্তব্য কৰে প্রবীণ বড়োৱে।

তিনিটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ ক্ষেত্রত বি পি এফ দলে এইবাৰ মহাজোঁটৰ বেনাৰত অৱতীর্ণ নোহোৱাৰ বিষয়ে স্পষ্ট কৰি দি বড়োৱে।

তেওঁ কয় যে বি পি এফ দলে এইবাৰ এককভাৱে যুঁজ দিব৷ গোসাঁইগাঁও, তামুলপুৰত ইতিমধ্যে দলে সাংগঠনিক কাম–কাজ আৰম্ভ কৰা হৈছে।

লগতে বড়োৱে কয়- ৰাজনৈতিক সমীকৰণৰ বাবে পুনৰ বিজেপিৰে বুজাবুজি হ’ব পাৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গণতান্ত্রিক পদ্ধতিত চৰকাৰ গঠন কৰিছে৷ পূর্বতেও বিজেপিৰে বি পি এফৰ বন্ধুত্ব আছিল৷ এতিয়া বিজেপিয়ে চৰকাৰ কৰাৰ পিছত আকৌ বন্ধুত্ব কৰিব পাৰোঁ৷