মহানগৰীত আৰক্ষী-SOGৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ছয় জনকৈ তীৰৰ বুকি, নগদ ধন জব্দ…
March 26, 2022মহানগৰীত নুনমাটিত আৰক্ষী আৰু SOG যুটীয়া অভিযানত।
অভিযানত গ্ৰেপ্তাৰ ছয় জনকৈ তীৰৰ বুকি।
মহানগৰীৰ ভিন্ন প্ৰান্তত অবাধে চলি থকা তীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ পম খেদি মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰীৰ এছঅ’জি দল আৰু নুনমাটি আৰক্ষীয়ে যুটীয়া অভিযান চলাই নুনমাটি ভূপাল অঞ্চলৰ নগৰৰ পৰা ছয়জনকৈ তীৰৰ বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে কৰায়ত্ব কৰা বুকি কেইটা হৈছে নুনমাটি অঞ্চলৰ ভূপেন শইকীয়া, জয়ন্ত শইকীয়া, ৰূপম বসুমতাৰী, ৰাজেন দাস, ৰাকেশ কলিতা আৰু মহম্মদ আশ্ৰাফুল ইছলাম।
#DriveAgainstTeer
— Guwahati Police (@GuwahatiPol) March 25, 2022
A CGPD team from Noonmati PS busted Teer gambling, going on inside a shop at Gopal Nagar, last evening. Bhupen Saikia, Jayanta Saikia, Rupam Basumotary, Rajen Das, Rakesh Kalita & Md Asraful Islam were arrested. ₹34,610/- cash & 7 mobile phones were recovered. pic.twitter.com/MSxHgqfm7T
উক্ত অভিযানত ধৃত জুৱাৰীকেইটাৰ পৰা তীৰখেলত ব্যৱহৃত সাতটাকৈ ম’বাইল আৰু নদদ ৩৬,৬১০ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।