মহানগৰীত চলন্ত গাড়ীত অগ্নিকাণ্ড, কথমপি প্ৰাণৰক্ষা ৫ আৰােহীৰ

November 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড। চলন্ত অৱস্থাত থকা মাৰুতি ছুইফ্ট ডিজায়াৰত লাগিল ভয়ংকৰ জুই।

বিমান বন্দৰৰ পৰা যাত্ৰী লৈ শ্বিলঙলৈ বুলি গৈ থকা অৱস্থাতে আজাৰাত গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপকৈ জ্বলি উঠিল বাহনখন।

এএছ ০১ এমচি ৬৫৮০ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি সংঘটিত হয় এই ঘটনা।

বিমানবন্দৰৰ পৰা দুগৰাকী মহিলাসহ চাৰিজন যাত্ৰী লৈ গৈ আছিল বাহনখনে।

উক্ত ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা দৈৱ্যক্ৰমে ৰক্ষা পৰে চালকসহ যাত্ৰী।

ঘটনাস্থলীত এয়াৰ ফ’ৰ্চ বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিয়ন্ত্ৰণ কৰে জুই।