মহানগৰীত চাঞ্চল্যকৰ ঘটনা! বিদ্যালয়ৰ শৌচাগাৰত ৰহস্যজনকভাৱে আত্মহত্যা এজনৰ…
July 8, 2021গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
মহানগৰীৰ নুনমাটিস্থিত নুনমাটি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আত্মহননৰ ঘটনা।
নুনমাটি প্ৰাথমিক বিদ্যালয়ৰ শৌচাগাৰত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট ব্যৱসায়ী পৰমানন্দ তালুকদাৰৰ (56) আত্মহত্যা।
ৰহস্যজনক ভাবে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে সভাপতি জনে।
শৌচাগাৰত লাগি থকা তেজৰ চেঁকুৰাই আত্মহত্যাক ৰহস্যৰ অৱৰ্তত ঠেলি দিছে।
ঘটনা স্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে GMCH লৈ প্ৰেৰণ কৰিছে।
ঘটনাটো আত্মহত্যা নে হত্যাকাণ্ড সেয়া এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।
বিদ্যালয় খনৰ প্ৰাক্তন সভাপতি জনৰ আকস্মিক মৃত্যুত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে