মহানগৰীত তীৰৰ ঘাটি উৎখাত, গ্ৰেপ্তাৰ ৮

December 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ তীৰ খেলৰ বিৰুদ্ধে তীব্ৰ অভিযান মহানগৰ আৰক্ষীৰ।

মহানগৰ আৰক্ষীৰ মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰী দল আৰু চানমাৰি থানাৰ যুটীয়া অভিযানক উৎখাত তীৰ খেলৰ এটা বৃহৎ ঘাটি।

মহানগৰীৰ বামুণীমৈদান ৰে’লৱে কলনীৰ কালী মন্দিৰৰ সমীপত চলে এই অভিযান।

অভিযানকাৰী দলটোৱে তীৰ খেলৰ লগত জড়িত ৮ জনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে নগদ ধন, তীৰৰ টিকেট আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা লোক কেইজন হ’ল গোপাল শৰ্মা, শিবচৰন গোৱালা, তিৰেশ্বৰ দত্ত, ৰাকেশ দাস, বিজয় দে, দশৰথ ৰয়, বিশ্বজিৎ চক্ৰৱৰ্তী আৰু ৰাজা চৌধুৰী।

ইয়াৰে ৰাজা চৌধুৰী তীৰ খেলৰ ছিণ্ডিকেটৰ মূল মাফিয়া।