মহানগৰীত ধৰ্ষণ কাণ্ডঃ শৌচালয়ৰ পৰা টানি নি এগৰাকী কিশোৰীক উপৰ্যপুৰি ধৰ্ষণ…
June 29, 2021গুৱাহাটী মহানগৰী চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড।
সাতগাওঁ নৱাপাৰাৰ মিলিজুলি পথত এগৰাকী ১৬ বছৰীয়া যুৱতী ধৰ্ষণৰ বলি।
ইতিমধ্যে এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত যুবকজনক।
ধৃত যুৱক জন সাতগাও নৱাপাৰাৰ মিলিজুলি পথৰ বাঁহৰ তলৰ আমিনুল হক(২১)।
দেওবাৰে নিশা ১২ বজাত শৌচালয়ৰ পৰা যুৱতী গকাকীক মুখত সোপা দি নিজৰ ঘৰলৈ লৈ আনে অভিযুক্ত যুৱকজনে।
আৰু নিজৰ কোঠালিত যুৱতী গৰাকীক উপৰ্যপুৰি বলাৎকাৰ কৰে আমিনুলে।
ইয়াৰ পাছতে যুৱতীগৰাকীৰ মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে সাতগাওঁ থানাত এক গোচৰ ৰুজু কৰে।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ আৰু শিশু সুৰক্ষা আইনৰ ২০১২ এক্টৰ ৪নং ধাৰাৰ অধীনত থানাত ১৮০/২১নম্বৰত গোচৰ পঞ্জীয়ন কৰে।
এই ঘটনাৰ পিছতেই পলাতক অভিযুক্তক কালি নিশা সাতগাওঁৰ মিলিজুলি পথৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।