মহানগৰীত নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়ঃ আৰক্ষীৰ জালত ৩ মহিলাসহ দুজন…
May 28, 2021গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি অব্যাহত আছে নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়।
একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষী বিষয়াক মেনেজ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।
দেহ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।
মহানগৰ আৰক্ষীয়ে অভইযান চলাই বৃহস্পতিবাৰে হাতীগাঁৱৰ পৰা দেহ ব্যৱসায়ী চক্রৰ সৈতে জড়িত তিনিগৰাকী মহিলাসহ দুই যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
হাতীগাঁও আৰক্ষীয়ে অনুপম পথত অভিযান চলাই দেহ ব্যৱসায়ী চক্রটোৰ লগত জড়িত আক্কাছ আলী আৰু জাইদুল ইছলামৰ লগতে তিনিগৰাকী মহিলাক হাতেলোটে আটক কৰে।
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰে।
সম্প্রতি আৰক্ষীয়ে দেহ ব্যৱসায়ী চক্রৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা মহিলাসহ দুই যুৱকক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
লগতে চাওকঃ