মহানগৰীত পুনৰ অপহৰণকাণ্ডঃ কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন ২ ব্যৱসায়ী

July 2, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।

 নুনমাটিৰ দুজন ঠিকাদাৰ কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে গড়ভঙাৰ কৰ্মস্থলীৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰে ঠিকাদাৰ দুজনক৷

গছ ৰোপনৰ কাম চাবলৈ গৈ নিখোজ দুয়োজন।

লোক দুজনৰ নাম জয়ন্ত কছাৰী আৰু কুশল কলিতা বুলি জানিব পৰা গৈছে৷

অপহৃত জয়ন্ত কছাৰী বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ খুলশালী তথা BTC ৰ পুৰ্বৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীৰ ভাতৃ।

মুক্তিপণত দবৃত্তই ধনদাবী কৰে ব্যৱসায়ীজনৰ পৰিয়ালক৷

জয়ন্ত কছাৰীৰ ঘৰ নুনমাটি বিষ্ণু ৰাভা নগৰৰ আৰু কুশল কলিতাৰ ঘৰ জাপৰিগোগত বুলি জানিব পৰা গৈছে।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত গড়চুক আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ।

ভাতৃ দিগন্ত কছাৰীয়ে এই গোচৰ তৰাৰ পাছতেই গোচৰ নং ৪২৩/২১৷ ইউ/এছ ৩৬৫ আইপিএছৰ অধীনত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে।

দুদিন ধৰি আৰক্ষী তথা বনবিভাগে তৎপৰতাৰে ঘটনাৰ তদন্ত চলাইছে যদিও এই মুহূৰ্তলৈকে লোক দুজনৰ কোনো শুংসূত্ৰ পোৱা নাই।