মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ ৰিক্সাচালকৰ মৃত্যু
February 26, 2022নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ গীতানগৰত বিদ্যুতৰ তাঁৰ ছিগি বিদ্যুৎস্পৃষ্ট হৈ ৰিক্সা চালকৰ মৃত্যু।
শুকুৰবাৰে নিশাৰ ভাগত অহা এজাক বতাহ-বৰষুণৰ পিচতে গীতা মন্দিৰৰ ‘আমাৰ পথ’ত সংঘটিত হয় এই শোকাৱহ ঘটনা।
জানিব পৰা মতে, মৃত ৰিক্সা চালকজনৰ নাম মদন ৰায়।
এই লােকজন ধুবুৰীৰ গোলকগঞ্জৰ বাসিন্দা।
নিশা প্রায় ৮.৪৫ বজাত ঘৰলৈ ওভতাৰ সময়তে তেওঁ বিদ্যুৎস্পৃষ্ট হয়।
স্থানীয় লোকে তৎপৰতাৰে তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘােষণা কৰে।
স্থানীয় লােকে প্ৰকাশ কৰা অনুসৰি, বিগত কেইবাবছৰ ধৰি গীতা মন্দিৰৰ ‘আমাৰ পথ’ত ভাড়াতীয়া হিচাপে থকা মদন ৰায়ে গুৱাহাটীত ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিল।