মহানগৰীৰ নাৰেংগীত ভয়াৱহ ঘটনা, ৰে’লৰ ৬টাকৈ দবা লাইনচ্যুত…
June 12, 2021মহানগৰীৰ নাৰেংগীত ভয়াৱহ ঘটনা
মালবাহী ৰে’লৰ ৬টাকৈ দবা লাইনচ্যুত।
ৰেংগীৰ সেনা শিবিৰত ৬টাকৈ ৰেলৰ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত উদ্ভৱ হয় অভাৱনীয় পৰিস্থিতিৰ।
বহিঃৰাজ্যৰ পৰা সেনাৰ বাবে খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই অনা মালবাহী ৰেল খনৰ ডবা লাইনচুত্য হয়।
ইফালে, দূৰ্ঘটনাটোৰ বাবে পথৰ দুয়োকাষে সৃষ্টি হয় ভয়াৱহ যান-জঁটৰ। যাৰ ফলস্বৰূপে বহু যান-বাহন নাৰেংগী চন্দ্ৰপুৰৰ পথতে আৱদ্ধ হৈ পৰে।
অৱশ্যে, পৰৱৰ্তী সময়ত ঘটনাস্থলীত সেনা বাহিনীৰ লোক আৰু আৰক্ষী বাহিনী উপস্থিত হৈ মালবাহী ৰে’লখনৰ চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।
আনহাতে, যিকোনো মুহূৰ্ততে ৰে’লখন বাগৰি যোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।