মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ভস্মীভূত এখন ৰেষ্টুৰেণ্ট…

April 16, 2021 0 By Biraj Kalita

মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড।

ফাচীবজাৰৰ শ্বপাৰ্ছ প‌ইন্টৰ সন্মুখৰ এখন মাৰ্কেটত সংঘটিত হৈছে অগ্নিকাণ্ড

জ্বলি ভস্মীভূত এখন ৰেষ্টুৰেণ্ট।

জুইত ভস্মীভূত হৈছে কেইবা লাখ টকাৰ সামগ্ৰী।

ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও অঞ্চলটো ঠেক হোৱা বাবে জুই নিৰ্বাপণত কিছু সমস্যাৰ সন্মুখীন হৈছে।

অগ্নিকাণ্ডত ৰেণ্টুৰেণ্টখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে ওচৰৰে আন আন ব্যৱসায়িক প্ৰতিষ্ঠানো ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

লগতে চাওকঃ

ভীষণ বনজুই নিৰ্বাপনৰ অভিযানত অঘটন, কৰুণ মৃত্যু বন সুৰক্ষা কৰ্মীৰ