মহানগৰীৰ ভিন্ন স্থানৰ ৫০টা পার্কিং আস্থান বিনামূলীয়া ঘোষণা গুৱাহাটী পৌৰ নিগমৰ…

July 9, 2021 0 By Biraj Kalita

মহানগৰীৰ বিভিন্ন স্থানত ৫০টা পার্কিং আস্থান ৰাইজৰ সুবিধার্থে বিনামূলীয়া ঘোষণা কৰিছে পৌৰ নিগমে৷

লেচীসকলে বকেয়া ধন আদায় নিদিয়াৰ লগতে চলিত বিত্তীয় বর্ষৰ বাবে নিবিদা নোহোৱা পর্যন্ত ৰাইজে এইকেইটা আস্থানত বিনামূলীয়াভাৱে যান-বাহন পার্কিং কৰিব পাৰিব।

পৌৰ নিগমৰ এক সূত্রই জনোৱা মতে, কটন কলেজিয়েট স্কুল পথ, এইচ বি ৰোড, ড০ জে জি দাস ৰোড, এ আৰ পি ৰোড, জি এছ ৰোড, জি এন বি ৰোড, এ টি ৰোড, দিছপুৰ ছুপাৰ মার্কেট, এইচ বি ৰোড, এ কে আজাদ ৰোড, পাণ্ডু পোর্ট পথ, আৰ পি ৰোড, দীনেশ ৰোড, বেলতলা–বশিষ্ঠ ৰোড, এক্সপ্রেছ হাইৱে, বেতকুছি এছ জে পথ, আৰ জি বৰুৱা ৰোড, বি বৰুৱা ৰোড, এম ই ৰোড, ভি আই পি ৰোড, পাথৰকুছি ৰোড, সতী জয়মতী ৰোড, তৈবুল্লাহ পথ, গণেশগুৰি উৰণীয়া সেতু, উলুবাৰী উৰণীয়া সেতু, বেছামেণ্ট পার্কিং, ছয়মাইল উৰণীয়া সেতু আৰু আঠগাঁৱৰ লগতে ৫০টা জি এম চিৰ পার্কিং ৰাইজৰ বাবে বিনামূলীয়া কৰিছে জি এম চি কর্তৃপক্ষই৷

এম জি ৰোডৰ পৰা চিটি’ পইণ্টৰ পশ্চিম দিশ
কটন কলেজিয়েট স্কুলৰ পৰা পাণবজাৰ থানালৈ এইচ বি ৰোডৰ দক্ষিণ দিশ
এম জি ৰোডৰ পৰা এইচ বি ৰোডলৈ পেৰেলেল পার্কিং
কমিছনাৰ পইণ্টৰ পৰা ডনবস্ক’ স্কুললৈ
জি এছ ৰোডৰ দিহাং অর্কেডৰ পৰা অৰিন পেলেচৰ পূব দিশ
জি এন বি ৰোডৰ পেৰাডাইছ হাস্পতালৰ পৰা গুৱাহাটী সাধুঘৰৰ দক্ষিণ দিশ
এ টি ৰোডৰ কর্নেল জে আলী ৰোডৰ পৰা বিশ্বৰত্ন হোটেললৈ
জি এছ ৰোডৰ পেপে জিনছৰ পৰা নিউজ লাইভ বিল্ডিঙলৈ
জি এছ ৰোডৰ প্রগতি মেনৰৰ পৰা উইলছ লাইভ ষ্টাইলছৰ পশ্চিম দিশ
জি এছ ৰোডৰ গুৱাহাটী ছেনিটাৰীৰ পৰা ছিলভাৰ স্কোৱাৰলৈ পশ্চিম দিশ
জি এছ ৰোডৰ মংগলা সন্তোষ ষ্ট’ৰৰ পৰা ড’না প্লেনেটলৈ পশ্চিম দিশ
জি এছ ৰোডৰ পেনাছনিকৰ পৰা মার্বল প্লাজালৈ পূব দিশ
ছুপাৰ মার্কেটৰ জি এম চি অফিচৰ কার্যালয় চৌহদ
এইচ বি ৰোড পাণবজাৰ পুলিচ পইণ্টৰ পৰা চিটী ফার্মাচীলৈ উত্তৰ দিশ
জি এছ ৰোডৰ পেণ্টালুনছৰ পৰা ইউকো বেংকলৈ পূব দিশ
এ টি ৰোডৰ ৬নং গেটৰ পৰা ৮নং গেটলৈ দক্ষিণ দিশ
এইচ বি ৰোডৰ ব্যাপ্ঢিষ্ট চার্চৰ পৰা ড০ জে চি দাস ৰোডলৈ


এ কে আজাদ ৰোডৰ বন বিভাগৰ কার্যালয়ৰ ৰিহাবাৰী নামঘৰলৈ
জি এছ ৰোডৰ টাইমছ অৱ ইণ্ডিয়াৰ কার্যালয়ৰ পৰা চহৰীয়াছ পেথলেবলৈ
পাণ্ডু পোর্ট পথৰ পৰা বৰা বজাৰৰ পৰা পাণ্ডু কলেজলৈ
আৰ পি ৰোডৰ ফেশ্বনৰ পৰা লাইভ লাইন মেডিকোজ
দীনেশ পথ চেণ্ড্রেল পুলিচ হাস্পতালৰ পৰা এছ এছ ৰোডলৈ
বেলতলাৰ চেণ্ড্রেল নার্ছিং হোমৰ পৰা বেলতলা তিনিআলিলৈ
জি এছ ৰোডৰ কনকলতা পথৰ পৰা নন্দি ৰাভা পথলৈ
ৰাষ্ট্রীয় ঘাইপথৰ ইউনিয়ন বেংকৰ পৰা আই ডি বি আই বেংকলৈ পূব দিশ
জি এছ ৰোডৰ প্রাইম বেক্ছ স্পেচিয়েলৰ পৰা সংগম ষ্টীল হার্ডৱেৰলৈ পশ্চিম দিশ
বেতকুছি পথৰ পাইকাৰী মাছৰ বজাৰৰ দুয়োদিশ
জি এছ ৰোডৰ ছয়মাইল উৰণীয়া সেতুৰ পৰা কনকলতা পথলৈ
এড জে ৰোডৰ ভিজন হাস্পতালৰ পৰা শিৱ মন্দিৰলৈ
জি এন বি ৰোডৰ অভিষেক মটৰৰ পৰা আর্চিয়াছ গেলাৰী
জি এছ ৰোডৰ দুর্গা দাস কমপ্লেক্সৰ পৰা অজয় হোটেললৈ
জি এছ ৰোডৰ কৃষি ভৱনৰ পৰা আশা বৰা ফাউণ্ডেচনলৈ পশ্চিম দিশ
আৰ জি বৰুৱা ৰোডৰ দৈনিক জনমভূমিৰ কার্যালয়ৰ পৰা শ্রীনগৰ পথলৈ
জি এন বি ৰোডৰ আৰ এছ ট্রেডিঙৰ পৰা পেৰাডাইজ হোটেললৈ
এম ই ৰোডৰ কিৰণশ্রী হোটেলৰ পৰা কালী মন্দিৰলৈ
ভি আই পি ৰোডৰ প্রতীক্ষা হোটেলৰ পৰা জোনাকী পথলৈ
পাথৰকুছিৰ পৰা নতুন বজাৰলৈ
এইচ বি ৰোডৰ খুবছান্দৰ পৰা শিখ মন্দিৰলৈ
সতী জয়মতী পথৰ ছাবিপুলৰ পৰা কে চি ৰোডলৈ
মঃ তৈবুল্লা পথৰ উচ্চ ন্যায়ালয়ৰ পৰা জি এন বি ৰোডলৈ
গণেশগুৰি উৰণীয়া সেতুৰ তলৰ পার্কিং
উলুবাৰী উৰণীয়া সেতুৰ তলৰ পার্কিং
ভঙাগড় উৰণীয়া সেতুৰ তলৰ পার্কিং
ছয়মাইল উৰণীয়া সেতুৰ তলৰ পার্কিং
ফাঁচীবজাৰৰ মার্কেট কমপ্লেক্স পার্কিং