মহানগৰীৰ সাতগাঁৱত বন্যহস্তীৰ সন্ত্ৰাস, বহু কেইখন দোকানত লণ্ডভণ্ড…
July 19, 2021মহানগৰীৰ সাতগাঁৱত বনৰীয়া হাতীৰ সন্ত্রাস৷
সাতগাঁৱৰ সেনা শিবিৰৰ সমীপৰ বজাৰত দিন দুপৰতে এটা প্রকাণ্ড বনৰীয়া হাতীয়ে অঞ্চলটোত মুক্ত বিচৰণ কৰি ত্রাসৰ সৃষ্টি কৰাৰ লগতে কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান লণ্ড ভণ্ড কৰে।
বহুকেইখন দোকানৰ ফলমূল আৰু আন্যন্ন সামগ্রী ভক্ষণ কৰে৷
বন্যহস্তীটো সেনা শিবিৰৰ দাঁতিতে থকা আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে বুলি জানিব পৰা গৈছে।
স্থানীয় লোক আৰু বন বিভগৰ লোকে ফটকা ফুটাই, জুই জ্বলাই খেদাৰ চেষ্টা কৰাৰ বহু সময়ৰ পিছত সেনা শিবিৰৰ মূল পথেৰে সোমাই পুনৰ অভয়াৰণ্যত প্রৱেশ কৰে প্রকাণ্ড বন্যহস্তীটো৷
উল্লেখযোগ্য যে সাতগাঁও অঞ্চলত প্রায়ে আমচাং অভয়াৰণ্যৰ পৰা বনৰীয়া হাতীটো খাদ্যৰ সন্ধানত ওলাই আহি ত্রাসৰ সৃষ্টি কৰে৷