মহানগৰ আৰক্ষীৰ অভিযানত লখৰাত জব্দ ৪১ কেজি সন্দেহজনক গাঞ্জা…
July 18, 2021ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
শনিবাৰে সন্ধিয়া পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGয়ে লখৰাত চলায় এক গাঞ্জাবিৰোধী অভিযান।
অভিযানকাৰী দলটোৱে লখৰাৰ সেনমেলা নামঘৰৰ সমীপৰ এগৰাকী মহিলাৰ ঘৰত অভিযান চলায় বৃহৎ পৰিমাণৰ সন্দেহজনক গাঞ্জা জব্দ কৰে।
জব্দকৃত গাঞ্জাখিনিৰ ওজন ৪১ কেজি আৰু ইয়াৰ বজাৰমূল্য লক্ষাধিক টকাৰ হ’ব বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, SOGৰ দলটোৰ অভিযানৰ উমান পাই মহিলাগৰাকীয়ে পলায়ন কৰে।
পলাতক মহিলাগৰাকীৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত NDPS আইনৰ অধীনত এক গোচৰ ৰুজু হৈছে।