মহানগৰ আৰক্ষীৰ জালত কুকুৰ চোৰ, পোহনীয়া কুকুৰ চুৰ কৰি গ্ৰেপ্তাৰ হ’ল দুজন…
March 27, 2022এইবাৰ মহানগৰ আৰক্ষীৰ জালত কুকুৰ চোৰ।
পোহনীয়া কুকুৰ চুৰ কৰি জালুকবাৰী আৰক্ষীৰ জালত দুজনকৈ লোক।
মালিগাঁও কামাখ্যা কলনিৰ পৰা গ্ৰেপ্তাৰ ৰানা দাস নামৰ এজন চুৰক।
ধৃত চুৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এজন লোকক।
লোকজন মানস নাথ বুলি জানিব পৰা গৈছে।
উক্ত লোকজনে চুৰি কুকুৰৰ পোৱালিটো ২৫০০ টকাত ক্ৰয় কৰিছিল।
যাৰ বাবে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক।
ইতিমধ্যে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে।