মহানগৰ আৰক্ষীৰ জালত ব্রাউন ছুগাৰসহ সৰবৰাহকাৰী এগৰাকী যুৱতী…

July 20, 2021 0 By Biraj Kalita

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

সোমবাৰে চানমাৰি আৰক্ষীয়ে অভিযান চলাই অনুৰাধাৰ আকাশী নগৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছসহ এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷

ধৃত যুৱতীগৰাকী অনুৰাধাৰ আকাশী নগৰৰ মণিকা ৰয় (২৬) বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষী সূত্রই জনোৱা মতে যুৱতীগৰাকীয়ে আকাশী নগৰত এটা ভাৰাঘৰৰ পৰা নিষিদ্ধ ড্রাগছ সৰবৰাহ কৰি আহিছিল।

আৰক্ষীৰ অভিযানত ১.৫২ গ্রাম ব্রাউনছুগাৰ ভর্তি ৯টা প্লাষ্টিকৰ কনণ্টেইনাৰ, ১৫টা চিৰিঞ্জ, দুটা ম’বাইল ফোন আৰু নগদ ১৭ হাজাৰ ৭৫০ টকা জব্দ কৰে৷

ঘটনা সন্দর্ভত চানমাৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷