মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষাৰ বাহনলৈ জােতা-চেণ্ডেল নিক্ষেপ ছাত্ৰৰ
July 30, 2021নিউজ ডেস্ক। পুনৰ ছাত্ৰ সমাজৰ ক্ষােভৰ সন্মুখীন হ’বলগীয়া হ’ল মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ডঃ মিতালী কােঁৱৰ।
উল্লেখ্য যে শিশুক অমানুষিক অত্যাচাৰ চলাই গ্ৰেপ্তাৰ হৈছিল অধ্যক্ষাগৰাকী।
জানিব পৰা মতে, ডঃ মিতালী কোঁৱৰে পুনৰ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে যোগদান কৰাৰ পিছৰে পৰা সৰৱ হৈ পৰিছে মৰাণৰ ছাত্ৰ সংগঠন তথা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে এইগৰাকী বিতৰ্কিত অধ্যক্ষা মহাবিদ্যালয়ত উপস্থিত হােৱাৰ পাছত ক্ষােভিত হৈ পৰে একাংশ ছাত্ৰ-ছাত্ৰী।
তাৰ পাছতে মহাবিদ্যালয়ৰ চৌহদত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিস্থিতিৰ।
আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতে ডঃ মিতালী কোঁৱৰক ছাত্ৰ সমাজে দিয়ে পহুখেদা।
আনহাতে, ক্ষোভিত ছাত্ৰ সমাজে অধ্যক্ষাগৰাকীৰ বাহনলৈ জোতা-চেণ্ডেল নিক্ষেপ কৰাও পৰিলক্ষিত হয়।
মহাবিদ্যালয়খনত বিৰাজ কৰা এনে অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।