মহাৰাষ্ট্ৰত ক’ভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড, ১৩জনৰ লোকৰ কৰুণ মৃত্যু…

April 23, 2021 0 By Biraj Kalita

দেশজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ইয়াৰ মাজতে মহাৰাষ্ট্ৰত ক’ভিড কেয়াৰ হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

বিজয় বল্লভ ক’ভিড কেয়াৰ হাস্পতালত পুৱতি নিশা ৩ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডটোৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

চিকিৎসালয় খনৰ আইচিইউত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।