মহিলাৰ মৃতদেহ সৎকাৰ কৰাৰ পাছতে যুৱকৰ পুখুৰীত পৰি সলিল সমাধি

July 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰাৰ পাছতে পুখুৰীত পৰি সলিল সমাধি ঘটিল এজন যুৱকৰ।

এই ঘটনাৰ স্থান যোৰহাটৰ বামুনগাঁও।

জানিব পৰা মতে, গাঁৱৰে এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈছিল ৰাজু শইকীয়া নামৰ এজন লোক।

সৎকাৰৰ পাছতে পুখুৰীত গা ধুবলৈ বুলি লগৰীয়া দুজনৰ সৈতে নিজা পুখুৰীত নামোতেই পিছলি পুখুৰীত পৰে।

লগৰীয়া কেইজনে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহৈ খবৰ দিয়ে ৰৰয়ীয়া আৰক্ষীক।

পিছত আৰক্ষী আৰু এছডিআৰএফ বাহিনী ঘটনাস্থীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় পুখুৰীৰ পৰা মৃতদেহ উদ্ধাৰ কৰে।