মহিলা নিৰুদ্দেশ
September 28, 2021নিউজ ডেস্ক। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৪ নং বৰবালা চৰত মহিলা নিৰুদ্দেশ।
বৰক্ষেত্ৰী চৰাঞ্চলৰ শিয়ালমাৰি থানাৰ অন্তৰ্গত ৪ নং বৰবালা চৰত চহৰ আলীৰ পত্নী মনোৱাৰা খাতুনৰ নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্বামীৰ গৃহই পত্নীৰ আত্মীৰ লগত বিচাৰে যদিও কোনো সন্ধান পোৱা নাই মনোৱাৰা খাতুনৰ।
অৱশেষত মহিলাগৰাকীৰ সন্ধান বিচাৰি স্বামী চহৰ আলীয়ে শিয়ালমাৰি আৰক্ষী থানাৰ কাষ চাপে।
সন্ধানহীন মহিলাগৰাকী বিষয়ে কোনো তথ্য লাভ কৰিলে ৭০৯৯২-২১৮১২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।