মহিলা নিৰুদ্দেশ
August 12, 2021নিউজ ডেস্ক। চৰাইদেই জিলাৰ মাহমৰা সমষ্টিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কোৰোকানী গাঁৱত মহিলা নিৰুদ্দেশৰ ঘটনা।
জানিব পৰা মতে, স্থানীয় শিৱ দেউৰী নামৰ লোকজন পত্নী তথা এগৰাকী ৮বছৰীয়া কন্যা সন্তান মাতৃ নিভা দেউৰী নামৰ ৩০ বছৰীয়া মহিলা গৰাকী যোৱা ৯ আগষ্টত গড় চাৰিআলি নামৰ ঠাইৰ পৰা বিয়লি প্ৰায় ৩ বজাত সন্ধানহীন হয়।
নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীৰ লগতে পৰিয়ালৰ সকলো লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত এতিয়া হতাশাত ভুগিছে স্বামীৰ লগতে পৰিয়ালবৰ্গ।
স্থানীয় আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি মহিলাগৰাকীৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় কাকতিবাৰী আৰক্ষী থানাত অৱগত কৰিছে বুলিও জানিব পৰা গৈছে।
উক্ত ঘটনা সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে কাকতিবাৰী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।