মহিলা সন্ধানহীন

January 8, 2022 0 By NEWS DESK

মহানগৰীত ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী বিবাহিত মহিলা।

নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ ফৰেষ্টগেটৰ ১নং মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰৰ পৰা মৃদুলা বৰ্মন (২৬) নামৰ এগৰাকী মহিলা যোৱা ৫ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে।

দুপৰীয়া ১ বজাত কামত যাম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে মহিলাগৰাকী।

নিশা পৰ্যন্ত পৰিয়ালৰ সদস্যই সাম্ভাব্য স্থানত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব নোৱাৰাত মহিলা গৰাকীৰ স্বামী বিশ্বজিৎ বৰ্মনে ঘটনা সন্দৰ্ভত নুনুমাটি থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সন্ধানহীন মহিলাগৰাকীক বিচাৰি চলাথ কৰিছে যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই।

মহিলাগৰাকীৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

লগতে চাওকঃ

সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ