মহিলা সন্ধানহীন
September 18, 2021নিউজ ডেস্ক। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে যুৱতী-মহিলাৰ নিৰুদ্দেশৰ ঘটনা।
গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত টেঙাণীত এগৰাকী মহিলা সন্ধানহীনক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এঘাৰ বছৰীয়া সন্তানক এৰি প্ৰায় ১২ দিন পূৰ্বে নিজৰ মাতৃৰ ঘৰলৈ গৈছিল আৰু সেই দিনধৰি সন্ধানহীন হৈ আছে বুলি স্বামীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
আনহাতে, ৩০ বছৰীয়া তৰালী বৰাৰ স্বামীয়ে বৰপথাৰ আৰক্ষী থানাত এথন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।