মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত দুই এদিনৰ ভিতৰতে ৰাইজে পাব সুখবৰঃ অশোক সিংহাল

June 10, 2021 0 By Biraj Kalita

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্রী অশোক সিংঘালৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

পুৱা ১১ বজাৰ পৰা জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছে মাইক্ৰ’ ফাইনেন্সৰ ষ্টেক হ’লডাৰ্চ, বেংকৰ প্ৰতিনিধি।

সংবাদ মাধ্যমৰ আগত মাইক্ৰ’ফাইনেন্সৰ ঋণ, সুদ, মূলধন মিলাই ১২ হাজাৰ কোটি টকা হ’ব বুলি উল্লেখ কৰি মন্ত্রী অশোক সিংঘালে দুই-এদিনৰ ভিতৰতে ৰাইজে সুখবৰ পাব বুলি মন্তব্য কৰে।

বৈঠক অন্ত হোৱাৰ পাছতহে সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে মন্ত্ৰী সিংহালে কয়, ‘এমাহতে ক’ব নোৱাৰি মই কি কৰিলো, কিন্তু বহু ডাঙৰ আঁচনিৰ কথা ভাবিছো। গুৱাহাটীত ডাম্পিং গ্ৰাউণ্ডৰ পৰা নলা নিষ্কাষণলৈকে বহু পৰিৱৰ্তন দেখিব।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তিনি বাৰকৈ ভিডিঅ’ কনফাৰেন্সযোগে এই বিষয়টোত আলোচনা হৈছিল যদিও কোনো সমাধান সূত্ৰ নোলোৱাত বৃহস্পতিবাৰে সকলো প্ৰতিনিধিকে সাক্ষাৎ কৰি আলোচনাত মিলিত হয় মন্ত্ৰী সিংঘাল।