মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ নকৰিলে আত্মহত্যাৰ ভাবুকি প্ৰতিবাদী ঋণগ্ৰস্ত মহিলাৰ…

June 15, 2021 0 By Biraj Kalita

নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰিবলৈ দাবী জনাই প্ৰতিবাদমুখৰ হৈ পৰিল লামডিঙৰ একাংশ মহিলা।

চৰকাৰে ঋণ মাফ নকৰিলে আত্মহত্যাৰো ভাবুকি দিলে প্ৰতিবাদী মহিলাসকলে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত বিভিন্ন প্ৰান্তৰ লগতে লামডিঙতো বিজেপি চৰকাৰ শাসনলৈ আহিলে মহিলাসকলৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু চৰকাৰ গঠনৰ পিছতে মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰাকাৰে বিভিন্ন চৰ্ত আৰোপ কৰাত ক্ষোভিত হৈ পৰিছে মহিলাসকল।

মঙ্গলবাৰে লামডিঙত মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলে ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া চৰ্ত উঠাই লৈ ঋণ মাফ কৰিবলৈ দাবী জনাই।

উল্লেখ্য যে, লামডিঙৰ প্ৰায় ৭০-৮০ শতাংশ মহিলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ লৈছিল