মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
June 18, 2021মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
খানাপাৰাৰ ষ্টাফ কলেজত সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।
সকলো মহিলাই নাপাব মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই।
কেৱল দুখীয়া মহিলাকহে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ’ব।
আনহাতে যিসকল মহিলাই কিস্তি মাৰি আছে সেইসকল মহিলাক দিয়া হ’ব উদগনিমূলক পুৰস্কাৰ।
সম্পূৰ্ণ ঋণ ৰেহাই পোৱা মহিলাই ভৱিষ্যতে নাপাব ঋণ।
বিলাসী বাহন থকা মহিলা তথা চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে নাপব ঋণ ৰেহাই।
আলোচনামৰ্মে মাইক্ৰ’ফাইনেন্স বেংকৰ ৪ হাজাৰ কোটি টকা ৰাহি কৰা হ’ব।
আনহাতে ঋণৰ কিস্তি বিচাৰি কোনো এজেণ্ট যাব নোৱাৰিব মহিলাৰ ঘৰত?
ঋণমুক্ত মহিলাক প্ৰদান কৰা হ’ব ঋণ মাফৰ চাৰ্টিফিকেট?
সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।