মাইক্ৰ’ফাইনেন্সৰ ঋণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল, কোনে কোনে পাব ঋণ ৰেহাই?

June 11, 2021 0 By Biraj Kalita

মাইক্ৰ’ফাইনেন্সৰ ঋণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল মন্ত্ৰী অশোক সিংঘালৰ।

জনতা ভৱনত সম্বোধন কৰে সংবাদমেল।

মাইক্ৰ’ফাইনেন্সৰ ঋণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰিমান ১২,৫০০ কোটি টকা।

আৰ বি আইৰ গাইডলাইনছৰ মতে মিমাংসা হ’ব ঋণ মাফৰ সমগ্ৰ প্ৰক্ৰিয়া।

চাৰিচকীয়া বাহন থকা পৰিয়ালে এই ঋণ মাফ স্কীমট অন্তৰ্ভূক্ত নহ’ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

এটা পৰিয়ালৰ এজন সদস্যই ঋণ ল’লেহে এই স্কীমৰ অন্তৰ্ভূক্ত হ’ব।

৩১ ডিচেম্বৰ ২০২০ চনৰ আগত যিসকলে ঋণ লৈছিল তেখেত সকলেহে এই স্কীমট অন্তৰ্ভূক্ত হ’ব।

পৰিয়ালৰ আয়ৰ পৰিমান ১লাখতকৈ অধিক হ’লে এই স্কীমৰ অন্তৰ্ভূক্ত নহ’ব।

লগতে মন্ত্ৰীগৰাকীয়ে পুনৰ বৈঠকত বহি আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে।

লগতে চাওকঃ

ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা ৩ ভগ্নীৰ কাষত বিধায়ক পৰমানন্দ ৰাজবংশী