মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই বিজেপিৰ বাবে আছিল এক ‘ঝুমলা’: ববিতা শৰ্মা…

June 20, 2021 0 By Biraj Kalita

বহু চৰ্চিত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা “ৰাজনৈতিক বিবৃতি আছিল আৰু এইয়া কোনো চৰকাৰী বিবৃতি নহয়” বুলি দিয়া কৰা মন্তব্যক অতি নিন্দনীয় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই।

ববিতা শৰ্মাই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে, ‘ মুখ্যমন্ত্ৰী শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে-আখৰে ৰক্ষা কৰা হ’ব। গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা ‘ৰাজনৈতিক বিবৃতি’ হৈ পৰিল?’

লগতে ববিতা শৰ্মাই কয়- মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰীহ মহিলা সকলক কিয় কোৱা নাছিল যে ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই ক্ষেত্ৰত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ’ব। এতিয়া এই নিৰ্দেশনা সমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ’ব। এই দলৰ নেতাৰ পৰা আৰু ইয়াতকৈ বেছি আশা কৰিব নোৱাৰি। যিটো দলে মাথো মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়ে ক্ষমতা আহৰণ কৰি আহিছে।

আনহাতে, বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথো এক ইভেণ্ট মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে, য’ত ৰাইজক একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয়। দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এক ‘ঝুমলা’। ৰাজ্যত এতিয়া এই প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী তথা জ্যেষ্ঠ নেতাৰ ৰাজহুৱা আশ্বাসক বিশ্বাস কৰাটোৱে এই সকল মহিলাৰ দোষ আছিল নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে ববিতা শৰ্মাই।