মাইক্ৰফাইনেন্স ঋণ ৰেহাইৰ বাবে বাজেটত ৭,৫০০কোটি টকা ধাৰ্য্য অসম চৰকাৰৰ…

July 16, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট আৰম্ভ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিল কৰে অজন্তা নেওগে।

বাজেট অধিৱেশনৰ আৰম্ভণিতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

মাইক্ৰফাইনেন্স ঋণৰ ক্ষেত্ৰত বিশেষ ঘোষণা হয় এই বাজেটত।

উল্লেখ্য যে, এই ঋণ ৰেহাইৰ বাবে ১২,০০০ কোটি টকাৰ প্ৰয়োজন।

আনহাতে ঋণ ৰেহাইৰ ক্ষেত্ৰত ৭,৫০০ কোটি টকা ধাৰ্য্য কৰিছে চৰকাৰে।

বৰ্তমানলৈ অসমত ৭৭ লাখৰো অধিক লোকক কৰণাৰ ভেকচিন সফলতাৰে প্ৰদান কৰা হৈছে বুলি মন্তব্য অজন্তা নেওগৰ।

সকলো আচঁনিৰ ভিতৰত অৰুণোদয় আঁচনি হৈছে সকলোতকৈ শক্তিশালী আঁচনি- অজন্তা নেওগ

অন্নযোজনা আৰু শ্ৰমিক কল্যাণৰ বাবে ৪৮৯ কোটি টকা ধাৰ্য্য।

১০০মাহ অৰুণোদয় মাহ হিচাপে নিৰ্ধাৰণ, মুঠ ১৮00কোটি টকা ধাৰ্য্য।

অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী সৰ্বোচ্চ অসামৰিক সন্মানৰ বাহিৰে সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, আৰু শিল্পী পেঞ্চনত কেবিনেটৰ অনুমোদন।

চাহ শ্ৰমিকৰ মজুৰি ৩৮ টকা বৃদ্ধি।

মুঠ নতুন পদ ১০০০৪৩ টা সৃষ্টি, সৰ্বাধিক শিক্ষা বিভাগত, তাৰ পিছতে গৃহ আৰু ৰাজনৈতিক বিভাগত।

অসম মালা- ২২৭৯.৫৫ কোটি টকা ব্যয় সাপেক্ষে ২৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩ টা অতিৰিক্ত পথ নিৰ্মাণ কৰা হব।