মাকৰ ঔষধ আনিবলৈ যোৱা হেমন্তক প্ৰহাৰ আৰক্ষীৰ, অৱশেষত বাছি ল’লে চৰম সিদ্ধান্ত…

July 11, 2021 0 By Biraj Kalita

ক’ভিড বিৰোধী যুজঁখনত আৰক্ষী আৰু চিকিৎসক তথা চিকিৎসাকৰ্মীসকলৰ অৱদান নুই কৰিব নোৱাৰি।

সন্মুখৰ পৰা বিভিন্নজনে অতি আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে সেৱা আগবঢ়াইছে।

কিন্তু শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিত সংঘটিত এটা অতি দুৰ্ভাগ্যজনক ঘটনাই আৰক্ষীৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

বিশ্বনাথ চাৰিআলিত নামবাঘমৰাৰ এজন যুৱক হেমন্ত বৰা।

যুৱকজনে সেই গাঁৱৰে ৰাজেন হাজৰিকা নামৰ ব্যক্তিজনৰ বাৰীত থকা এজোপা আম গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

আত্মহত্যাৰ কাৰনৰ বাবে স্থানীয় ৰাইজে দোষী সাব্যস্ত কৰিছে আৰক্ষীক।

ঘটনা অনুসৰি কেইদিনমানৰ পূৰ্বে তেওঁ অসুস্থ মাতৃৰ বাবে ঔষধ আনিবলৈ যাওতে যুৱকজনক আৰক্ষী তহলদাৰী এটা দলে ৰখাই কেৱল সোধপোচ কৰাই নহয় শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল। আনকি আৰক্ষীৰ কোবত ভাঙি গৈছিল হেমন্তৰ মোবাইল।

মাতৃৰ ঔষধ আনিবলৈ যোৱাৰ সময়তে বাটতে আৰক্ষীয়ে কোনো সোধ পোচ নকৰাকৈ হেমন্তক প্ৰহাৰ কৰে।

যুৱকজনে এই অবাঞ্চিত ঘটনা আৰু আৰক্ষীৰ ব্যৱহাৰৰ সন্মুখীন হৈ স্থানীয় লোকসকলক তেওঁৰ গাত থকা আৰক্ষীৰ কলা দাগ দেখুৱাইছিল।

আত্মসচেতনতা আৰু আত্মসন্মানত আঘাত সনাৰ বাবে ক্ষুন্ন হৈ পৰা হেমন্ত বৰাই ১০জুলাই.২০২১ত বিশ্বনাথ চাৰিআলি থানালৈ গৈ মোবাইলটো কিনি অনা ৰচিদ জমা দি থৈ আহি মোবাইলৰ দাম পুলিছে ভৰিব লাগিব বুলি কৈ আহিছিল।

কিন্তু যুৱকজনৰ এই প্ৰতিবাদক গুৰুত্ব নিদিলে আৰক্ষীয়ে, যাৰ বাবে যুৱক জনে যোৱা নিশা গ্ৰহন কৰিলে জীৱনৰ আটাইতকৈ চৰম সিদ্ধান্ত।

যুৱকজনৰ পিতৃ ধ্ৰুৱজ্যোতি বৰাই যুৱকজন ঘৰৰ পৰা সন্ধানহীন হোৱা আৰু তেওঁ আত্মহত্যা কৰা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।

লগতে চাওকঃ

গৌৰৱৰ ক্ষণ! উইম্বলডনৰ জুনিয়ৰ খিতাপ জয় কৰা সমীৰৰ অসমৰ সৈতে আছে বিশেষ সম্পৰ্ক?