মাচুল অনাদায়! পৌৰসভাৰ হাইমাষ্ট লাইটৰ সংযোগ কৰ্তন বিদ্যুৎ বিভাগৰ

July 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিদ্যুৎ বিল পৰিশােধ নকৰা ব্যক্তি তথা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠনৰ বিৰুদ্ধে কঠােৰ হৈছে শক্তি বিভাগ।

এইবাৰ লাখ লাখ টকাৰ বিদ্যুৎ মাচুল পৰিশােধ নকৰাৰ বাবেই বিদ্যুৎ কৰ্তন কৰা হ’ল পৌৰসভাৰ হাইমাষ্ট লাইটৰ।

তিনিচুকীয়াৰ মাকুম পৌৰসভাৰ হাইমাৰ্চ লাইটৰ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে।

উল্লেখ্য যে বিদ্যুতৰ বিল পৰিশোধ নকৰা লোকসকলৰ লগতে চৰকাৰী কাৰ্যালসমূহকো বিল পৰিশোধ কৰিবলৈ জাননী জাৰি কৰিছিল বিভাগটােৱে।

ইয়াৰ পাছতো বিল পৰিশোধ নকৰা লোকসসকলৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ লগতে চৰকাৰী কাৰ্যালয়ৰো বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে।

সেইসূত্ৰে বহুদিন ধৰি মাকুম পৌৰসভাই বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে তিনিচুকীয়া মাকুম পৌৰসভাৰ অন্তৰ্গত হাইমাৰ্চ লাইটৰ সংযোগ কৰ্তন কৰে বিদ্যুৎ বিভাগে।