মাছ ধৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন যুৱক

August 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। টুলুঙা নাৱত উঠি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ নাও ডুবি সন্ধানহীন এজন যুৱক।

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত।

ডিব্ৰুগড়ৰ ম’হপোৱালিমৰাত মাছ ধৰিবলৈ গৈ নাও ডুবি সন্ধানহীন যুৱক।

জানিব পৰা মতে, ৩ জন যুৱক মাছ ধৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰত।

কথমপি ৰক্ষা দুজনৰ, সন্ধান আনজন যুৱক। যুৱকজনৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।